#কৰ'না ভাইৰাছ, বন্ধ ঘোষণা আৰু আমাৰ কৰণীয়
আজিৰ পৰা অৰ্থাৎ 16 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে চৰকাৰে ক'ৰনা ভাইৰাছ ৰ বাবে সকলো স্কুল কলেজ , অনুষ্ঠান প্ৰতিষ্ঠান, সভা সমিতি, জিম আদি ৰাজহুৱা অনুষ্ঠান বোৰত বন্ধ দিছে।. কালি ঘোষণা টো শুনাৰ লগে লগে প্ৰথমতেই মনলৈ অহা প্ৰশ্নটো হ' ল অকল এইকেইদিনেই কিয় বন্ধ দিলে ?? বাকী দিনবোৰত কি কৰ'না নাহিব নেকি? নে দিনবাৰ চাই হে কৰ'না আহিব আৰু যাব ??? মানে 29 মাৰ্চৰ পৰা কি কৰ'না ভাইৰাছ বিধ শেষ হৈ যাৱ? প্ৰথমতে খুব হাহিঁলো । তাৰ পিচত ভাৱিলো নহয়, এনেকুৱা এটা সিদ্ধান্ত চৰকাৰে হঠাতে নলয় গতিকে গগোল ছাৰ্চ কৰিবলৈ ধৰিলো আচলতে কৰ'না কি? কেনেকৈ জন্ম হয় ইয়াৰ ভাইৰাছ ? বিয়পে কেনেকৈ'? কিয় এই কেইদিন বন্ধ ঘোষণা কৰিছে বা কৰিব লগা হৈছে? আহক তেন্তে এই বিষয়ে অলপমান আমিও জানো।
#কৰ'না কি?
- কৰ'না ভাইৰাছ কিছুমান ভাইৰাছৰ সমষ্টি। আগতেও ইয়াৰ অৱস্থিতি দেখিবলৈ পোৱা গৈছিল। ডিচেম্বৰ 19 ত চীনত পোৱা কৰ'না ভাইৰাছ টো একেবাৰে নতুন যাৰ এতিয়ালৈকে ভেকচিনেই- ওলোৱা নাই। যাক WHO য়ে COVID-19 নাম দিছে। এই ভাইৰাছ জীৱ জন্তুৰ ক্ষেত্ৰত সঘনাই দেখিবলৈ পোৱা যায়। কিন্তু জন্তুৰ পৰা মানুহলৈ খুব কমেইহে সংক্ৰমিত হয়। সাধাৰণতে ইয়াৰ গঠনৰ ওপৰত ভিত্তি কৰি ইয়াৰ নাম দিয়া হয়, যিহেতু COVID-19 দেখাত এটা ক্ৰাউন(crown) ৰ দৰে অৰ্থাৎ তাৰ গাত কিছুমান জোঙা জোঙা শুং দেখা পোৱা যায় সেয়েহে ইয়াৰ নাম corona. আমি ভৱাৰ দৰে ই মানুহৰ বা ঠাইৰ নাম নহয় কিন্তু।
#কৰ'না কেনেকৈ বিয়পে?
- কৰ'না ভাইৰাছ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিভিন্ন কাৰকৰ দ্বাৰা বিয়পিব পাৰে । এজন সুস্থ মানুহে যদি বেলেগ এজন অসুস্থ মানুহৰ সংস্পৰ্শলৈ আহে তেন্তে এইৰোগ বিয়পাৰ সম্ভাৱনীয়তা অধিক হৈ পাৰে । বিশেষকৈ জনবহুল অঞ্চল এটাত যদি এই ৰোগ থকা ব্যক্তি এজন থাকে তেন্তে তেওঁৰ কাঁহ , হাঁচিওৱা, থু আদি কাৰকৰ দ্বাৰাও বেলেগ মানুহলৈ ই কম সময়তে বিয়পিব পাৰে।
# কৰ'নাৰ জীৱন কাল কিমান?
- এই ভাইৰাছৰ ইনকুবেচন পিৰিডত 14 দিন। এই 14 দিনৰ ভিতৰতেই ই নিজৰ বংশ বৃদ্ধি ও কৰে আৰু মৰেও। কিন্তু লক্ষ্যনীয় কথাটো হল এই 14 দিনতেই ই মানুহ এজনৰ ইমিউনিটি চিস্টেম টো একেবাৰে বেয়া কৰি দিয়ে যাৰ বাবে মানুহ দূৰ্বল হৈ পৰে আৰু কোনো ক্ষেত্ৰত পাকস্থলী, কিডনী আদিটো প্ৰভাৱ পেলায় আৰু ইয়ে মৃত্যুৰ কাৰক হৈ পৰে। জ্বৰ, কাঁহ, পানীলগা আদি সাধৰণ ফিভাৰৰ লক্ষণ সমুহেই ইয়াৰ। মাত্ৰ সময়ৰ লগে লগে ইনফেক্টটেড মানুহজনৰ জ্বৰৰ উত্তাপ বেছি হৈ গৈ থাকে আৰু শ্বাস প্ৰশ্বাসত কষ্ট হয়। কিন্তু যি দেশৰ জলবায়ু গৰম বা 30 ডিগ্ৰীৰ ওপৰত তেনে দেশত ই বিয়পিব নোৱাৰে কাৰণ উত্তাপত এই ভাইৰাছৰ মৃত্যু হয়। গতিকে ভাৰতত দীঘ দিন ধৰি কৰ'না নাথাকিব যিহেতু ভাৰতত গ্ৰীস্ম কাল আৰম্ভ হবলৈ বেছি দিন নাই।
#16-29 মাৰ্চ লৈকে বন্ধ কিয় দিলে????
ইয়াৰ কাৰণ হ'ল বৰ্তমান ক'ৰনা ভাইৰাছ ভাৰতত stage 2 লেভেলত আছে। এতিয়া কথা হ'ল এই stage 2 কি? তেন্তে শুনক... যিকোনো এটা সংক্ৰমিত বেমাৰৰ 4 টা মুল ষ্টেজ থাকে। সেইয়া হ'ল
Stage 1 - য' ত পুন প্ৰথম বাৰৰ বাবে ভাইৰাছ টো ধৰা পৰে আৰু ই সেই ঠাই খনত বিয়পি পৰে। যেনে - চীনৰ নিদিষ্ট wuhan নামৰ সেই চহৰ খন।
Stage 2- বিভিন্ন কাৰকৰ মাধ্যমৰে সেই ভাইৰাছ বিভিন্ন ঠাইলৈ সংক্ৰমিত হয় আৰু তাৰ স্হানীয় লোক সকল সংক্ৰমিত হবলৈ ধৰে। যেনে এতিয়া ভাৰত, ইটালী আদিত স্থানীয় লোক সকলৰ মাজটো এই ৰোগে দেখা দিছে যি মুলতে চীন দেশত হে উৎপন্ন হৈছিল।
Stage 3- অত্যাধিক মাত্ৰাত একোখন চহৰ বা ঠাইত বিয়পি পৰা।
Stage 4 - এই সময়ত ৰোগ বিধে মহামাৰীৰ ৰূপ লৈ লয় আৰু হাজাৰ হাজাৰ লোক ইয়াৰ দ্বাৰা সংক্ৰমিত হবলৈ ধৰে। যাক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে লগতে মৃত্যুৰ হাৰ বাঢ়ি যায়।
গতিকে দেখা গ'ল যে আমাৰ ভাৰত বৰ্ষত কৰ'ণা ভাইৰাছ stage 2 ত আছে। গতিকে stage 3 আৰু stage 4 যাতে নাপায় গৈ তাৰ বাবে ভাৰত চৰকাৰে এই ব্যৱস্হা হাতত লৈছে। আগতেই কোৱা হ'ল যে ইয়াৰ ইনকুবেচন পিৰিয়ড 14 দিনৰ হে। গতিকে এই 14 দিনত যদি কোনো নতুন এই ভাইৰাছৰ দ্বাৰা এফেক্টড নহয় তেন্তে ইয়াৰ প্ৰভাৱ অটোমেটিক কমিবলৈ আৰম্ভ কৰিব। পিচে এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগো সমানেই বাঞ্চনীয়। কাৰণ যদি কোনোৱা এজন কৰ'না ভাইৰাছ ৰ দ্বাৰা সংক্ৰমিত লোকে জানি বুজি জনবহুল ঠাইলৈ যায় তেন্তে হাজাৰ সতৰ্কবাণীয়েও কাম নিদিয়ে।। মনত ৰাখিব prevention is better than cure.
Corona virus সংক্ৰমণ নহবলৈ কি কি ব্যৱস্থা হাতত লব লাগে ইতিমধ্যেই আপোনালোকে গম পাইছেই। তথাপি দুটামান লিখি দিছো....
1/ হাতদুখন সঘনাই ভালদৰে চাবোনেৰে ধুই থাকিব।
2/ অপৰিস্কাৰ হাত চকু, মুখ, নাকলৈ নিনিব ।
3/ মুখত মাস্ক ব্যৱহাৰ কৰিব
4/ এই ভাইৰাছ দ্বাৰা সংক্ৰমিত লোকৰ পৰা দুৰত থাকিবলৈ চেষ্টা কৰিব।
5/ নিজকে সদায় পৰিস্কাৰ কৰি ৰাখিব।
6/ জ্বৰ, কাহঁ, পানীলগা আদি হলে অতি সোনকালে ডাক্তৰক দেখোৱাওক। কৰ'না হওঁক বা নহওঁক তেনেলোকে লগতে ঘৰতে 14 দিন বিশ্ৰাম কৰিক। কাৰণ ইমিউনিটি কম থকা লোক যেনে ৰোগী, শিশু আৰু বয়সীয়াল লোকক এই ভাইৰাছে সহজেই আক্ৰমণ কৰে।
7 / এই সময় চোৱাত পৰাপক্ষত দুৰ ভ্ৰমণ আদি বাতিল কৰক নতুবা সুৰক্ষা ব্যৱস্থা সমুহ গ্ৰহণ কৰিহে যাত্ৰা কৰক।
শেষতীয়া তথ্য মতে যুৱচামো এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। গতিকে সাৱধান। তথাপি কওঁ সকলো coronavirus ৰ suspected কিন্তু infected নহয়, আৰু সকলো infected মানুহৰে কিন্তু death নহয় । গতিকে সাৱধান হওঁক সময় থাকোতেই। নিজেও সুস্থ সবল থাকক আনকো থকাত সহায় কৰক। ধন্যবাদ ।
Follow Us